Sunday 2 October 2016

অসমৰ এজন বিজ্ঞানী ড. বশিষ্ট নাৰায়ণ সিংহ ..(জানো আহক.)

ই মানৱ কাহিনীটো পঢ়ি আপুনিও স্তম্ভিত হৈ পৰিব।‌ সচাঁকৈয়ে কেনেকুৱা মানুহৰ জীৱনটো।‌১৯৬১ চনত গোটেই ভাৰতবৰ্ষত মাধ্যমিক পৰীক্ষাত প্ৰথম।‌ তাৰপাছত ১৯৬৩ চনত ইউনিভাৰ্চিটি অব কেলিফৰ্নিযাৰ পৰা মাত্ৰ দুবছৰতে গণিতত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰি ১৯৬৯ চনত গণিতত পিএইচডি ডিগ্ৰী লাভ কৰে।‌ Reproducing Kernels and Operators with a Circle Vactor - ৰ জনক হিচাপে স্বীকৃত।‌ ১৯৬৯ চনতে তাতে গৱেষক হিচাপে যোগদান কৰিছিল আৰু ১৯৭৩ চনত দেশ সেৱাৰ মহান ব্ৰত লৈ ভাৰতলৈ উভতি আহে।‌ নাসাই তেওঁৰ অভূতপূৰ্ব সাফল্য দেখি কৈয়ে পেলাইছিল - গণিততযদি কোনো নোবেল বটাঁ থাকিলে হয তেতিযা সেইটো তেওঁয়েই প্ৰাপ্য আছিল।‌ IIT ৰ লগতে ভাৰতৰ বিভিন্ন বিশ্ববিদ্য়ালত তেওঁ অধ্যাপক হিচাপে নিজকে নিয়োজিত কৰিছিল।‌ পাছলৈ তেওঁ লাহে-লাহে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাবলৈ ধৰে।‌ তেওঁ সিজোফ্ৰেনিয়া নামৰ এটি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিল( এই ৰোগৰ বৈশিষ্ট্য হল ভুলভাল শুনা, উদ্ভট, বিভ্ৰান্তিকৰ বা অলৌকিক কিছুমান দেখা অথবা অসংগতিপূৰ্ণ কথাবাৰ্তা বা চিন্তাধাৰা অথবা অনুভূতিৰ প্ৰকাশত সঙ্গতি নথকা।‌ এই ৰোগতআক্ৰান্ত ব্যক্তি সামাজিক বা কৰ্মক্ষেত্ৰত প্ৰায়ে অক্ষমতা জনিত অসুবিধাৰ সন্মুখীন হয়) ।‌ তেওঁ স্ত্ৰী, ঘৰ, সংসাৰ, সমাজ সকলোৰে পৰা আঁতৰি যায।‌ প্ৰায় তিনি বছৰ ব্যাঙ্গালোৰৰ এটি মেডিকেলত চিকিৎসাধীন হৈ থকা অৱস্থাত ১৯৮৮ চনৰ পৰা একেবাৰে নিখোজ হৈ পৰে।‌ কাৰো সৈতে কোনো যোগাযোগ নাই।‌ কোনেও নাজানে তেওঁ জীয়াই আছে নে মৃত্যু হল।‌ তাৰ পিছত ১৯৯২ চনত তেওঁক পোৱা যায গৃহহীন হৈ বিহাৰৰ ৰাস্তাৰ ফুটপাথত অৰ্ধউলংগ হৈ শুই থকা অৱস্থাত। মূখত‌ কোনো কথা নাই কাকো চিনি নাপাই।‌গণিতৰ অসংখ্য সূত্ৰ যিয়ে পৃষ্ঠাৰ পাছত পৃষ্ঠা মূহূৰ্ততেই কৈ দিব পাৰিছিল সেই বিদ্বান-মনিষী ও গণিত বিজ্ঞানীয়ে এদিননিজৰ নামটোও কব পৰা নাছিল।‌ কেৱল ভাৰতেই নহয , কেলিফৰ্নিযা বিশ্ববিদ্য়ালত তেওঁ এটা নামেৰেই পৰিচিত আছিল।‌ সেযা গণিত বিজ্ঞানী - ড৹ বশিষ্ট নাৰাযণ সিংহ।‌ বিহাৰত যেতিযা তেওঁক এই অৱস্থাত পোৱা যায তেতিয়া তেওৰ সেইদৃশ্য চাই সকলোৱে আছৰিত হৈ পৰিছিল। এই অসামান্য‌ গুণী মানুহৰ জীৱন কাহিনী পঢ়ি আমি নিথৰ, নিৰৱ, নিস্তব্ধ হৈ যাওঁ ।‌ হেৰাই যাও এক কল্পনাৰ জগতত।‌ সচাকৈযে আমি কিমান অসহায!!!! কিমান ৰসহ্যময এই পৃথিৱীখন!!!! কেতিয়া, কেনেকৈ,কেনেধৰণেযে কি হৈ যায মানৱ জীৱন কোনেও কব নোৱাৰে।‌।

No comments:

Post a Comment